top of page

"দুখ" - মৌচুমী বৰি

  • Dec 7, 2022
  • 1 min read




কোনে কয়

দুখবোৰ ক'লা ছায়া

দুখ মোৰ

ৰূপালী পুৱাৰ সোনালী আশা


বহুদিনীয়া বিৰতিৰ পিছত

দুখ আহি মোৰ কোলাত বহিল


নাযাওঁ নথওঁ বুলি ঠেনঠেনাই থাকিল


দুখপানৰ মধুৰ আবেশত

মোৰ সমগ্ৰ সত্তা শুই পৰিল নে জাগি উঠিল নাজানিলো

জানিলো মাথো মদিৰাৰ নিচা লাগিছে মোৰ


মদিৰাৰ নিচা

জীৱনৰ নিচা


কোনে কয়

দুখবোৰ ক'লা ছায়া

দুখ মোৰ

ৰূপালী পুৱাৰ সোনালী আশা৷

Comments


bottom of page